Tuesday 29 September 2015

Tumi Natun Purush by Bhupen Hazarika – Lyrics

তুমি নতুন পুৰুষ
তুমি নতুন নাৰী
অনাগত দিনৰ
জাগ্ৰত প্রহৰী!
কেঁচা জীৱন সোঁতক

সিঞ্চন কৰি

সজাবা সমাজ নিজ হাতেৰে গঢ়ি।
এন্ধাৰ গলিত আলোক বৰষাৰ
ঢালিবা তুমি উচ্ছল বাৰি।।
মৃত্যুঞ্জয়ী তুমি
কৰিবা দমন
শোষকৰ দংশন
নোহে চিৰন্তন।
সঙ্কল্প তোমাৰ
হ'বই সফল

দুৰ্ব্বাৰ সাহসৰে পথ উজ্জ্বল।।
তুমি নৱ সপোন,
নৱ অঙ্গীকাৰ
তুমি নৱ সংগ্রাম
শত শত ঝংকাৰ।
বিপদৰ প্রস্তৰ বিচূৰ্ণ কৰি
সজাবা নতুন পথ হাতেৰে গঢ়ি।
বজাবা তুমি আশাৰ গগনা
নোপোৱাৰ হাহাকাৰ নোহোৱা কৰি।।

1 comment:

Post Comment Using Your Facebook Account